হেডমাষ্টৰ
যোৱাবছৰ মই অসম চৰকাৰৰ শিক্ষা বিভাগত নলবাৰী জিলাত নতুনকৈ নিযুক্তি পাইছোঁ শিক্ষয়ত্রী হিচাপে। নতুন ঠাইত চাকৰিত যোগ দান কৰাৰ দিনা মা দেউতাও আহিল মোক থবলৈ। মোৰ কাৰনে স্কুলৰ ওচৰতে ভাৰাঘৰ চাবলৈ ললোঁ। কিন্তু মা দেউতাৰ পছন্দ নহল,মাহতে মোক এনেকৈ এৰি নাযায়। শেষত স্কুলৰ হেডছাৰজনে আহি কলে তাই মোৰ ঘৰতে থাকিব পাৰিব । ছাৰ অকলশৰিয়া মানুহ …