নিবেদিতা

ল’ৰাজন মাক-দেউতাকৰ সতে ড্রয়িং ৰুমত বহিলহি৷মই জনামতে ল’ৰাজনৰ নাম দিবাকৰ৷মই মালিকৰ ঘৰত বনকৰা ছোৱালী। ঘপককৈ কালি ৰাতি মালিকে মোক চাবলৈ ল’ৰা এটা আহিব বুলি কোৱাৰ লগে-লগে আচৰিত হৈ পৰিছিলোঁ। তাতে মোৰ এনে অৱস্থাত…আৰু আচৰিত হ’লো৷বনকৰা ছোৱালীৰ বাবে মালিকে কেনে ধৰণৰ ল’ৰা পছন্দ কৰিব পাৰে সেইটো মই ভালকৈয়েই জানো।তথাপিও মই আজিৰ দিনটোলৈ আগ্ৰহেৰে বাট চাই আছো।ল’ৰাজনক এবাৰ দেখা পাবলৈ মোৰ বৰ মন গ’ল৷খিৰিকীৰে জুমি চাইছিলোঁ যদিও মালিকনী অহা চাইছিলোঁ যদিও মালিকনী অহা গম পাই মই থতমত খাই ৰৈ দিলো।

মালিকনীৰ আদেশ মতে মই চাহ বনাই..খোৱা বস্তুৰে সৈতে চাহৰ ট্ৰেখন লৈ আলহীৰ আগলৈ ওলাই গ’লো।মই ওলাই যোৱাৰ লগে-লগেই মোক মালিকনীয়ে চিনাকি কৰাই দিলে–এইয়া মোৰ সম্পৰ্কীয় ভন্ত্ৰী, সৰুৰে পৰাই আমাৰ ইয়াতেই আছে।মোক দিবাকৰৰ মাকে মোৰ নামটো সোধাত মই মিনি বুলি কোৱাৰ আগতেই মালিকনীয়েই উত্তৰ দিলে-তাইৰ নাম মিনা।মালিকনীৰ কথাত মই মৌন হৈ থাকিলোঁ যদিও তেওঁ মিছা মতাৰ অৰ্থ মই বিচাৰি পালো।

মই মনে-মনে আঁৰ চকুৰে দিবাকৰলৈ চালো…সুন্দৰ-সুঠাম চেহেৰাৰ 34-35 বছৰীয়া এজন যুৱক।সিও মোলৈ চালে, হঠাৎ তাৰ চকুত মোৰ চকু পৰিলত মই মুৰটো ঘুৰাই দিলো।মাক-দেউতাকৰ লগত অলপ সময় কথা পতাৰ পিছত দিবাকৰ আৰু মোক অকলশৰে কথা পাতিবলৈ মালিকনীয়ে এটা ৰুমৰ ভিতৰলৈ লৈ গ’ল আৰু দৰজাখন জপাই দিলে।দিবাকৰ মোৰ কাষৰ চকীখনতেই বহিল আৰু মোলৈ চাই সুধিলে—মোৰ লগত বিয়া হোৱাত তোমাৰ কিবা আপত্তি আছে নেকি?

যদি কিবা আপত্তি আছে খোলাকৈ ক’ব পাৰা।মই তলমুৰ কৰিয়েই দিবাকৰক উত্তৰ দিলো…মোৰ আপত্তি নাই; কিন্তু মোৰ কিছুমান কথা আছে প্রথমে সেই কথাখিনি মই আপোনাক জনাববিচাৰো৷দিবাকৰে মোৰ হাতখন তাৰ হাতৰ মুঠিত সুমুৱাই মোকক’লে—তোমাৰ সকলো কথা মোক খুলি ক’ব পাৰা,মই শুনিবলৈ প্রস্তুত।মই দিবাকৰক মোৰ সেই গুপ্ত ৰহস্য যিটো মালিকনীয়েও নাজানে..সেই ৰহস্যটো ক’বলৈ মুখ মেলোঁতেই দৰজাখন খুলি মালিকৰুমলৈ সোমাই আহিল আৰুক’লে–দিবাকৰ আঁহা, মা-দেউতাতোমালৈ ৰৈ আছে৷মালিকক দেখিদিবাকৰে থতমত খাই মোৰহাতখন এৰি বহাৰ পৰা থিয় হ’ল আৰু ক’লে–ব’লক দাদা গৈছো..

আৰু মোকো ক’লে তোমাৰ কথা পিছত শুনিম এতিয়া ব’লা বাহিৰলৈ যাওঁ সেইবুলি কৈ মালিকৰ পিছেকিছেই ওলাই গ’ল।মোৰ মনৰ ভিতৰত পাকঘূৰণি খাইথকা সেই ৰহস্যটো দিবাকৰকসেইদিনা আৰু কোৱা নহ’ল।মোক যে দিবাকৰ আৰুমাক-দেউতাকে পচন্দ কৰিছে সেইকথা জনাই তেওঁলোক সেইদিনা ঘৰলৈ গ’লগৈ। এসপ্তাহৰ ভিতৰতেই বৰ লৰালৰিকৈ আমাৰ বিয়াৰ দিন ঠিক কৰিলে৷তাৰ মাজতেই দুদিনমান দিবাকৰ আমাৰ ঘৰলৈ আহিছিল যদিও মই মোৰ মনৰ ভিতৰত লুকুৱাই ৰখা কথাটো দিবাকৰক আৰু কোৱাই নহ’ল৷কালি আমাৰ বিয়া হৈ গ’ল, আজি দৰা ঘৰত বিয়াৰ Reception I দিনটো Reception party চলি থাকিল,তাৰ মাজতেই আমাৰ খুবা-খুবিৰ নিয়মবোৰো হৈ গল।

এতিয়া Reception ৰ সময় প্রায় শেষেই হ’ল, মিতিৰৰ মানুহ খিনিৰ বাহিৰে আন মানুহ নায়েই। মোৰ লগত ছোৱালী থবলৈ অহা মানুহ মাত্র মোৰ মালিকৰ ছোৱালী ৰিয়া আৰু মালিকনী বাইদেউ আছিল, তেওঁলোকো গ’লগৈ।এতিয়া মই স্বামীৰ ঘৰত অকলশৰে।আজি আমাৰ বিয়াৰ প্ৰথম নিশা।মই আজিয়েই মোৰ জীৱনৰ সেই গুপ্ত অধ্যায়টোৰ বিষয়ে দিবাকৰক খুলি ক’ব লাগিব৷নহ’লে তাৰ লগত এইয়া মোৰ ঘোৰ অন্যায় হ’ব।মোৰ কথাবোৰ শুনাৰ পিছত মোক দিবাকৰে কেনেকৈ বা লয় সেইটো নাজানো; কিন্তু এইবোৰ কথা পিছত কাৰোবাৰ মুখেৰে শুনিলে সি মোক কেতিয়াও ক্ষমা কৰিব নোৱাৰিব সেইবাবে আজিয়েই ক’ব লাগিব।কথাবোৰ কেনেকৈনো আৰম্ভ কৰিম সেই কথাই মোক খুলি-খুলি খাইছে। সময় এক বাজিল।মই তেতিয়া ৰুমত।কাপোৰ-কানি সলাই মই দিবাকৰৰ বাবে অপেক্ষা কৰিলো।

সেই দিনবোৰৰ কথা আজিও মোৰ ভালকৈ মনত আছে।মই আছিলো এজনী বন কৰা ছোৱালী।মই মালিকৰ ঘৰলৈ প্রায় ৷৷ বছৰমান বয়সতেই আহিছিলোঁ। মই ইয়াতেই ডাঙৰ-দীঘল হোৱা। এদিন মই গাভৰু হ’লো আৰু মালিকনীৰ অজ্ঞাতে মালিকৰ লোলুপ দৃষ্টি পৰিল মোৰ ওপৰত, তেতিয়াৰ পৰাই মালিকৰ কামনাৰ বলী হ’ব লগা হোৱা বাবে মই মনে-মনে এদিন মই মোৰ গাঁৱৰ ঘৰখনলৈ পলাই গুছি গৈছিলোঁ। ঘৰলৈ গৈছিলোঁ যদিও আমাৰ ঘৰখনৰ আর্থিক অৱস্থাটোৰ কথা চিন্তা কৰি মা-ই মোক পুনৰ পঠাই দিছিল মালিকৰ ঘৰলৈ।মই মাৰ কথা মতেই ওভতি আহিছিলোঁ।

মালিকনীয়ে মই তেনেকৈ ঘৰলৈ কিয় গুছি গৈছিলোঁ নাজানিলেও মালিকে কিন্তু ভালকৈয়েই জানিছিলামই ওভতি যোৱাৰ পিছত মোক মালিকনীয়ে সুধিছিল যদিও মই মিছাকৈয়েই ক’লো–মা আৰু ভাই দুটালৈ বৰকৈ মনত পৰিছিল বাবে মই সিহঁতক চাই আহিলোগৈ।মোক ওভতি যোৱা দেখি মালিকৰ মুখত দেখিছিলো আত্মসন্তুষ্টিৰ হাঁহি৷তাৰ পিছৰ পৰাই মোৰ লগত প্রায়েই মালিকে চলাই গৈছিল অবৈধ সম্পর্ক।মালিকৰ কথা মতেই মই চলিব লগা হৈছিল কাৰণ সেইখন ঘৰৰ বাহিৰে মোৰ আশ্রয় দিয়া দ্বিতীয়খন ঘৰ নাছিল।

দৰজাখন খোলাৰ শব্দত মই উচপ

খাই উঠিলোঁ৷দৰজাখন খুলি এটা

কাহৰ শব্দৰে মোক জাননী দি

দিবাকৰ ৰুমলৈ সোমাই

আহিল৷দিবাকৰৰ গাৰ পৰা

ওলোৱা সুগন্ধিৰ গোন্ধ গোটেই

ৰুমটোতেই বিয়পি পৰিল৷মই

বিচনাখতে বহি ৰ’লো৷দিবাকৰ

মোৰ কাষতেই বহিলহি।

দিবাকৰে মোৰ মুৰৰ ওৰণিখন

নমাই মোৰ দুবাহুত ধৰি

ক’লে–তুমি আজিৰ পৰা মোৰ

অৰ্ধাংগিনী…মোৰ সুখ-দুখৰ

সমভাগী…বিনা সংকোচে সকলো

কথা মোক খুলি ক’ব পাৰা৷

দিবাকৰৰ কথাত মই মোৰ মনত পুহি ৰখা কথাটো কবলৈ যেন দুগুণ সাহস পালো, মই মোৰ জীৱনৰ সকলো কথা বিৱৰি ক’লো, লগতে মালিকে মোৰ লগত ইমানদিনে যি কৰি আহিছে তাকো ক’লো,আজি দুমাহে মোৰ মনত লুকুৱাই ৰখা সেই ৰহস্যটোও আজি মোৰ মুখেৰে ওলাইগ’ল—মই কঁপিবলৈ ধৰিছিলোঁ আৰু থোকাথুকি মাতেৰে মই দিবাকৰৰ বুকুৰ মাজত সোমাই ক’লো..মই দুমাহৰ অন্তঃসত্ত্বা, মই মালিকৰ সন্তানৰ মাক হবলৈ ওলাইছোঁ।।

মোৰ কথা শুনাৰ পিছত কিন্তু দিবাকৰে যি প্ৰতিক্রিয়া দেখাব লাগিছিল তাৰ একো প্ৰতিক্রিয়া নেদেখুৱালে।মোক মাথোঁ ক’লে মই এই সকলোবোৰ জানিশুনিয়েই তোমাক বিয়া কৰাবলৈ ওলাইছোঁ… তোমাক যাতে এই নৰকৰ পৰা উদ্ধাৰ কৰিব পাৰোঁ তাৰ বাবেই তোমাক পত্নী হিচাপে গ্ৰহণ কৰিছোঁ, দুখিয়াৰ দুখ আৰু পিতৃহীন জীৱন কেনেকুৱা মই ভালকৈয়েই উপলব্ধিকৰোঁ—কাৰণ,মইয়ো হৈছোঁ ফুটপাথত পৰি থকা এইখন ঘৰৰ তুলনীয়া সন্তান।।এইবুলি কৈ দিবাকৰে মিনাক সাৱটি ধৰিলে আৰু মিনাই তাৰ দুবাহুৰ মাজত নিজকে এৰি দিলে।

Leave a Comment

error: Content is protected !!