গাঁওৰ ঘৰ খণ্ড ১
নমস্কাৰ মোৰ নাম দেৱ, দেৱজিত শইকীয়া । আজি মোৰ বাবে এটা ডাঙৰ দিন । কিয়নো মই চৰকাৰী চাকৰি এটাত যোগদান কৰিবলৈ গৈ আছোঁ । আচলতে ভাবি চালে মোৰ চাকৰি কৰা দৰকাৰ নাই । দেউতা এজন অৱসৰপ্ৰাপ্ত চৰকাৰী উচ্চপদস্থ বিষয়া । দেউতাই গুৱাহাটী চহৰত ইমানখিনি সম্পত্তি কৰি থৈছে যে ভাড়াতীয়াৰ পৰাই মাহে লাখ লাখ টকা উপাৰ্জন …