মালতীৰ ভোবোকাৰ বুছ
মালতীৰ গিৰীয়েক ঢুকোৱা তিনিমাহ হৈছিল মাত্ৰ ।চৈধ্য বছৰীয়া ছোৱালীজনী আৰু তিনিবছৰীয়া ল’ৰাটোৰ সকলো দায়িত্ব আহি পৰিছিল তাইৰ ওপৰত ।ভাগ্য ভাল আছিল যে গিৰিয়েকে হোটেলখন কৰি থৈ গৈছিল।হোটেলখন বেছি ডাঙৰ নাছিল যদিও বিক্ৰী ভাল আছিল।কাৰণ ,হোটেলখনৰ ওচৰতে চৰকাৰী অফিচটো আছিল ।প্ৰায়খিনি মানুহে আহি মালতীৰ হোটেলতে খায়।কিন্তু ,আজি কিছুদিনৰ পৰা মালতীয়ে কথা এটাত অশান্তি পাব ধৰিছে ।তাৰ …